Product Summery
Author: Nick Trenton
paperback
₹ 225
₹ 250
“ষ্টপ অভাৰথিংকিং”: আপোনাৰ স্ব-আৰোপিত মানসিক কাৰাগাৰৰ পৰা মুক্ত হওক। আপুনি অতীতক লৈ যন্ত্রণাকাতৰ হোৱা, ভৱিষ্যতৰ বিষয়ে পূর্বানুমান কৰা বন্ধ কৰক। অতিমাত্রা চিন্তাই হৈছে অবিৰত চিন্তাব কুণ্ডলীত সোমাই পৰি আপুনি অসুখী হৈ থকাৰ আটাইতকৈ ডাঙৰ কাৰণ। “ষ্টপ অভাৰথিংকিং” নামৰ এই গ্রন্থখনত আপুনি নিজকে অৱসাদগ্রস্ত পৰিস্থিতিত পেলোৱাৰ বিষয়ে বুজোৱা হৈছে। লগতে দুশ্চিন্তা তথা মানসিক চাপৰ ফলত আপুনি আপোনাৰ মনৰ নিয়ন্ত্রণ কেনেকৈ হেৰুৱাই পেলায়, সেই বিষয়ে এই গ্রন্থখনত বুজোৱা হৈছে। এই গ্রন্থই আপোনাক আপোনাৰ মগজুৰ আৰ্হি পুনৰ সজাবলৈ, আপোনাৰ চিন্তাধাৰক নিয়ন্ত্রণ কৰিবলৈ আৰু আপোনাৰ মানসিক অভ্যাস সলনি কৰিবলৈ বিস্তৃত আৰু প্রামাণিক কৌশল প্রদান কৰিব।
এই গ্ৰন্থৰ পৰা আমি লাভ কৰিব পৰা বৈজ্ঞানিক দৃষ্টিভংগীবোৰ হ’ল : ১. আমি কেনেকৈ আমাৰ নেতিবাচক কুণ্ডলীৰ পৰা সজাগ হৈ থাকিব পাৰোঁ৷ ২. আমি কেনেকৈ আমাৰ আভ্যন্তৰীণ দুশ্চিন্তা চিনাক্ত কৰিব পাৰোঁ আৰু উপলব্ধি কৰিব পাৰোঁ৷ ৩. আমি কেনেকৈ বিশ্রাম আৰু কাৰ্যত আমাৰ মনোযোগ বৰ্তাই ৰাখিব পাৰোঁ৷ ৪. আমি আমাৰ মনৰ বিশৃংখলা কেনেকৈ দূৰ কৰিব পাৰোঁ আৰু মনোযোগ কেন্দ্রীভূত কৰিব পাৰোঁ৷ ৫. আমি আমাৰ অপৰিসীম ক্ষমতা কেনেকৈ মুক্ত কৰিব পাৰোঁ আৰু জীৱনটো যাপন কৰিব পাৰোঁ৷ আপোনাৰ এতিয়া আৰু স্ব-বিৰোধিতাৰ কথা নাই। আপুনি প্রতিযোগীতাত ঢাপলি মেলাৰ চিন্তাৰে নিদ্রাহীন ৰাতি পাৰ কৰাৰ কথা নাই। আপুনি আপোনাৰ মনটো অতিমাত্রা চিন্তাৰ পৰা মুক্ত কৰক আৰু অধিক প্রাপ্ত কৰক, সুখ-শান্তিৰ অনুভৱ কৰক।